অসম মাতৃৰ সুযোগ্য সন্তান ৰঞ্জন গগৈ আজি দেশৰ মুখ্য ন্যায়াধীশ।

অসম মাতৃৰ সুযোগ্য সন্তান ৰঞ্জন গগৈ আজি দেশৰ মুখ্য ন্যায়াধীশ। আজি ন্যায়াধীশৰূপে শপত ল’লে ৰঞ্জন গগৈয়ে । লগে লগে ৪৬সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে পৰিচিত হল ৰঞ্জন গগৈ। ৰঞ্জন গগৈক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শপত বাক্য পাঠ কৰোৱা অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। ২০১৯ চনৰ ১৭ নৱেম্বৰ পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰিব ৰঞ্জন গগৈয়ে। দেশৰ ন্যায়পালিকাৰ শীৰ্ষ পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া ৰঞ্জন গগৈ। ২০১২ চনৰ পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল গগৈয়ে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ সুযোগ্য সন্তান ৰঞ্জন গগৈয়ে ১৯৭৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল ৰঞ্জন গগৈয়ে। ২০০১ চনত নিযুক্ত হয় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত লৈয়ে মাতৃৰ চৰণ চুই আশীৰ্বাদ ল’লে ৰঞ্জন গগৈয়ে।

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নাই নিজা ঘৰ। শপতনামাত ৰঞ্জন গগৈয়ে দাখিল কৰিলে এই তথ্য। শ্বেয়াৰ বজাৰ বা মিউচুৱেল ফাণ্ডতো নাই কোনো বিনিয়োগ। জমাধন আছে মাত্ৰ ৫ লাখ ৫০ হাজাৰ টকা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ SBI শাখাত আছে এই ধন। পাটিয়ালা উচ্চ ন্যায়ালয়ৰ SBI শাখাত আছে ১ লাখ টকা।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com