আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

 

 

যেতিয়াই ধৰাত ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্ৰাদূৰ্ভাৱ বাঢ়ে, তেতিয়া সাধুসকলৰ পৰিত্ৰাণ অাৰু দুষ্কৃতিকাৰীসকলৰ বিনাশ সাধন কৰি ধৰ্ম সংস্থাপন কৰিবলৈ যুগে যুগে অৱতাৰ ধৰো।

বানী যিদৰে ধৰ্মজগতত চিৰন্তন সত্য বুলি মানি লোৱা হৈছে, সেইদৰে ই ইতিহাসতো সত্য। ইতিহাসৰো পুনৰাভিনয় হয়।

অাজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। ১৪৪৯ খ্ৰীষ্টাব্দত আহিন মাহৰ শুক্লা দশমী তিথিত নগাঁৱ জিলাৰ বৰদোৱাৰ আলিপুখুৰীত পিতৃ কুসুম্বৰ ভূঞাৰ ঔৰষত আৰু মাতৃ সত্যসন্ধাৰ গৰ্ভত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। দেবাদিদেৱ শংকৰৰ বৰত কুসুম্বৰে এই সুলক্ষনযুক্ত পুত্ৰ লাভ কৰিছিল বাবে তেওঁৰ নাম থোৱা হৈছিল শংকৰ। মাত্ৰ ন’মাহ বয়সতে শংকৰে পিতৃ মাতৃক হেৰুৱাত বুঢ়ীমাক খেৰসুতীয়ে তুলি তালি ডাঙৰ দীঘল কৰিছিল।

অনুপম সৌন্দৰ্য্যৰ প্ৰতিমূৰ্তি শংকৰ, শাৰীৰিক বলতো আছিল অতুলনীয়। বিদ্যা-শিক্ষাৰ প্ৰতি অতিশয় অমনোযোগী শংকৰ ১২ বছৰ বয়সলৈ স্কুললৈ যোৱা নাছিল। যাৰ ফলত মহাসংকটত পৰিবলগীয়া হৈছিল বুঢ়ীমাক খেৰসুতী। বুঢ়ীমাকে বহু বুজনি দি হে শংকৰক মহেন্দ্ৰ কন্দলিৰ টোলত নাম লগাই দিয়ে। বিদ্যালয়লৈ গৈ কেইদিনমানৰ ভিতৰতে ক-ফলাখন শিকিয়েই তেওঁ যি অফুৰন্ত মেধা, প্ৰজ্ঞা অাৰু প্ৰতিভাৰ পৰিচয় দিলে, সিয়ে তেওঁক গুৰুৰ প্ৰতি প্ৰিয়ভাজন কৰি তুলিলে অাৰু তাৰ ফলতে গুৰুৱে তেওঁক “দেৱ” উপাধিৰে বিভূষিত কৰি ওজা ছাত্ৰ পাতিলে। তেতিয়াৰে পৰা তেওঁ শংকৰদেৱ নামেৰে জগতত পৰিচিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com