কেৰালাৰ সাবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশ সন্দৰ্ভত মহামান্য উচ্চতম ন্যায়ালয়ে আজি গুৰুত্বপূৰ্ণ ৰায়দান কৰে।

Guwahati Times গুৱাহাটী টাইমচ

কেৰালাৰ সাবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশ সন্দৰ্ভত মহামান্য উচ্চতম ন্যায়ালয়ে আজি গুৰুত্বপূৰ্ণ ৰায়দান কৰে। জানিব পৰা মতে পূৰ্বতে নিৰ্ধাৰিত নিয়ম অনুসৰি সাবৰিমালা মন্দিৰত ১০ বছৰৰ পৰা ৫০ বছৰৰ বয়সৰ মহিলা প্ৰৱেশ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছিল। কিন্ত আজি সকলোকে আচৰিত কৰি মহামান্য উচ্চতম ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ ৰায়। মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বত গঠিত এখন পাচঁজনীয়া খণ্ড বিচাৰপীঠে এই সন্দৰ্ভত শুনানী আগবঢ়ায় । এই বিচাৰপীঠত আছিল ন্যায়াধীশ আৰ এফ নাৰিমান, এ এম খানৱিলকাৰ, ডি ৱাই চন্দ্ৰচুড় আৰু ইন্দু মালহোট্ৰা । এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই কয় – আস্থাৰ নামত লিংগভেদ কৰিব পৰা নাযায়। আইন আৰু সমাজৰ কামত সকলোকে সমানে চোৱা উচিত।‍ Indian Young Lawyers Association আৰু অন্যান্য সকলৰ আবেদনৰ ভিত্তিত সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰে এই ৰায় ।

কেৰেলাৰ বিখ্যাত সাবৰিমালা মন্দিৰত যুগ যুগ ধৰি প্ৰচলিত এটা কু প্ৰথাৰ অন্ত পৰিল। আশা কৰোঁ অসমেও একে আদৰ্শ ল’ব।

NATIONAL DESK, GUWAHATI TIMES

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com