গহপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত উৎপল বৰালৈ অটল ৰাষ্ট্ৰ ভক্তি বঁটা

2016 চনৰ ১৯ মে তাৰিখে বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ দিনটোৰ পৰাই সামাজিক দিশৰ সৈতে অহৰহ সম্পৰ্ক বজাই ৰাখি গহপুৰ মহকুমাৰ সৰ্বাংগীন উন্নয়নৰ কামত জড়িত হৈ সমাজলৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ স্বীকৃতি হিচাপে শ্ৰীযুত উৎপল বৰা ডাঙৰীয়া শেহতীয়াকৈ ২০১৮ বৰ্ষৰ অটল ৰাষ্ট্ৰ ভক্তি বঁটাৰ বাবে নিৰ্বাচিত হৈছে । ৰাজনীতিৰ পথাৰখনৰ সৈতে জড়িত হৈ সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিগত আঢ়ৈ বছৰে আগবঢ়োৱা সেৱাৰ বাবে মুম্বাইৰ আয়ুস্মান প্ৰতিষ্ঠান নামৰ অনুষ্ঠানটোৱে আগবঢ়োৱা এই বঁটা কিছুদিনৰ আগতে আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰিবলৈ পুনেৰ মহাৰাষ্ট্ৰ সাহিত্য পৰিষদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভালৈ নিমন্ত্ৰণ কৰিছিল যদিও ব্যক্তিগত অসুবিধাৰ বাবে বিধায়ক গৰাকী উক্ত অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে সেয়েহে এই সন্মানীয় বঁটাভাগ তেওঁলোকে নিজৰ বিশেষ প্ৰতিনিধিৰ জৰিয়তে তেখেতলৈ প্ৰেৰণ কৰে আৰু তেখেতৰ হৈ সহধৰ্মীনি শ্ৰীযুতা সৰস্বতী বৰাই সেই বঁটা আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে গহপুৰ মহকুমাৰ বিশিষ্ট চিকিৎসক, সাহিত্যসেৱী, সমাজকৰ্মী ডাঃ কৃষ্ণকুমাৰ দে ডাঙৰীয়াকো এই বঁটাৰে সন্মানিত কৰা হৈছিল ।

Madav Sarma report.

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com