গুৱাহাটী টাইমচ এক্সুচিভ

মহানগৰীৰ আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰঝাৰত ৪৩ খন এ টি এম কাৰ্ডসহ দুজন প্ৰৱঞ্চকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।উল্লেখযোগ্য যে আপোনাৰ এ টি এম কাৰ্ডৰ সৱিশেষ বিচাৰি বেংকৰ পৰা পৰা ফোন কৰিলে আৰু এ টি এম ৰ পৰা ধন উলিওৱাৰ সময়ত সাৱধান হব । কিয়নো এই খন মহানগৰীত পিয়াপি দি ফুৰিছে জালিয়তিৰে এটিএমৰ ধন লুট কৰা এটা চক্ৰ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা দুই যুৱকৰ পৰা ৪৩ খন উকা ATM কাৰ্ড , লেপটপ, চুইপ (SWIPE) মেচিন, ৩ টা মোবাইল ফোন আৰু প্ৰায় ২০০০০ নগদ ধন আৰু আমেৰিকাৰ ডলাৰ আদি উদ্ধাৰ কৰে ।

উল্লেখ্য যে প্ৰায় এমাহ ধৰি গুৱাহাটীত বাঁহৰ পাতি থকা হাৰিয়ানাৰ প্ৰবীণ কুমাৰ আৰু মনজিৎ সিং নামৰ এই দুই প্ৰৱঞ্চকে শনিবাৰে নিশা বিমানেৰে দিল্লীলৈ যোৱাৰ যোজা চলাইছিল । গুৱাহাটীত থকা সময়ত প্ৰায় অসমৰ ১২ গৰাকী বেংক গ্ৰাহকক জালত পেলাইছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com