গৌৰিনাথ শিৱমন্দিৰত সমুহীয়া ভাৱে প্ৰথম বাৰ্ষিক মহালয়া উদযাপন

অাজি পৱিত্ৰ মহালয়া। মহালয়াই ধৰণীলৈ বোৱাই অানিলে শাৰদীয় দুৰ্গোৎসৱক। বৰ্তমান সময়ত সৰ্বতে মা দুৰ্গাক অাদৰাৰ ব্যাপক প্ৰস্তুতি। সকলোৰে মাজত অানন্দ উৎসাহ উদ্দিপনা । সেই সময়তে অাজি মহালয়াই পৃথিৱীলৈ শুভ অাগমন জনালে মা দুৰ্গাক। পুৱাৰে পৰা সমুহ ৰাইজে প্ৰাত:ভ্ৰমন কৰাৰ লগতে নগাঁৱৰ ঐতিহ্যমন্দিত সোনাইপাৰ গৌৰিনাথ শিৱমন্দিৰত সমুহ ভক্তপ্ৰান ৰাইজে পুৱা সোনাই নৈৰ দুয়োপাৰে ৰাজপথত পুৰুষ মহিলা সকলোৱে প্ৰাত:ভ্ৰমন কৰাৰ পাছতে মহালয়াৰ পাৰ্ৱন শ্ৰাদ্ধ প্ৰাকক্ষণত তৰ্পন কাৰ্য্যসূচী সম্পন্ন হয়। ১৫ অক্টোৱৰৰ পৰা পোন প্ৰথম বাৰৰ বাৰে গৌৰিনাথ শিৱমন্দিৰত অনুষ্ঠিত হব শাৰদীয় দুৰ্গোৎসৱ। সহস্ৰাহিক ভক্তৰ সমাগমেৰে উদুলি মুদুলি হব ঐতিহ্যমন্দিত গৌৰিনাথ শিৱমন্দিৰৰ বাকৰি। উপষ্ঠিত থাকিব বহু সংখ্যক মন্ত্ৰী – বিধায়কৰ লগতে ধিং এক্সপ্ৰেছ খ্যাত হিমা দাস।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com