দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ


দিক্ষৌ নৈৰ সংঘতিত ঘটনাৰ উত্তেজনা আৰু দুখ মাৰ নাযাওঁতেই আকৌ বৰ লুইতৰ বুকুত সংঘটিত হয় মৰ্মস্তুদ নাও দুৰ্ঘটনা। আজি দিনৰ ভাগত উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰত এখন যাত্ৰীবাহী যন্ত্ৰচালিত নাও দুৰ্ঘটনাত পতিত হয়। প্ৰাপ্ত তথ্য মতে অশ্বক্লান্ত মন্দিৰৰ সমীপত জাইকাৰ প্ৰকল্পত খুন্দা খাই দুৰ্ঘটনাত পতিত হয় নাওখন।প্ৰায় ৪০ জন মান যাত্ৰী আছিল নাওঁখনত।ঘটনাটো সংঘতিত হোৱাৰ লগে লগে উদ্ধাৰ অভিযানত নামি পৰে NDRF আৰু SDRF বাহিনী। এতিয়ালৈ প্ৰায় ১৯ জন মান লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বহ্মপুত্ৰত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ভাৰতীয় সেনাই।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমছ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com