নগাঁৱত আটছাৰ ধৰ্ণা কাৰ্যসূচী । ২০ শতাংশ বোনাছৰ দাবী* ।

২০ শতাংশ বোনাছৰ দাবীৰে সোমবাৰে নগাঁও চহৰ কঁপাই তুলিলে আটছাই । নগাঁও চহৰৰ আমোলাপট্টিস্হিত অসম চাহ বাগিছা ভৱিষ্যনিধি , বৃত্তিনিধি আঁচনিৰ মাণ্ডলিক কাৰ্যালয়ৰ চৌহদত অসম চাহ জনজাতি ছাত্ৰ সন্থা , অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠন কেইটাই কলিয়াবৰৰ চিকনি চাহ বাগিছাৰ শ্ৰমিক সকলক শীঘ্ৰেই বিশ শতাংশ বোনাছ আদায় দিবলৈ দাবী জনোৱাৰ লগতে ৰেচনৰ প্ৰসংগ উত্থাপন কৰি চাহ শ্ৰমিক সকলক চৰকাৰে ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিও অভিযোগ উত্থাপন কৰে । ইফালে এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তক স্মাৰক পত্ৰও প্ৰদান কৰা হয় ।

নগাঁওৰ পৰা আদিল শ্বাহ গুৱাহাটী টাইমচ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com