নগাঁৱৰ এডিপি কলেজৰ ইউনিফৰ্মক লৈ বিতৰ্ক ।

নগাঁৱৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সাজ- পোছাকক লৈ ধিঙৰ AIUDF ৰ বিধায়ক আমিনুল ইছলামে চ’চিয়েল মিডিয়াত কৰা আপত্তিজনক মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইউনিফৰ্মৰ পৰিবৰ্তে ইছলাম ধৰ্মৰ এক বিশেষ বস্ত্ৰ ইছলাম ধৰ্মাৱলম্বী ছাত্ৰী সকলে কিয় পৰিধান কৰিব নোৱাৰিব বুলি প্ৰশ্ন কৰি মহাবিদ্যালয় খনৰ অধ্যক্ষৰ বিৰুদ্ধে চ’চিয়েল মিডিয়াত প’ষ্ট দিছিল AIUDF ৰ বিধায়ক আমিনুলে ৷

এইবাৰ ইছলাম ধৰ্মাৱলম্বী কলেজীয়া ছাত্ৰীক ইছলাম ধৰ্মৰ বিশেষ বস্ত্ৰ *হিজাব* আৰু *নেকাব* পৰিধান কৰাৰ যুক্তি দৰ্শালে AIUDFৰ বিধায়ক আমিনুল ইছলামে । নগাঁৱৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইউনিফৰ্মৰ সন্দৰ্ভত AIUDF ৰ বিধায়কগৰাকীয়ে চ’চিয়েল মিডিয়াত এক বিতৰ্কিত প’ষ্ট দিয়াক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁৱত । বিভিন্ন জাতি-ধৰ্ম-বৰ্ণৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা মহাবিদ্যালয়খনত হিন্দুত্ববাদী চিন্তা-চৰ্চাৰে মহাবিদ্যালয়ৰ অধ্যক্ষই গেৰুৱাকৰণ কৰাৰ অভিযোগ তোলে আমিনুল ইছলামে । বিধায়ক গৰাকীয়ে একাংশ ছাত্ৰীয়ে ইছলাম ধৰ্মৰ বিশেষ বস্ত্ৰ *হিজাব-নেকাব* কিয় পৰিধান কৰিব নোৱাৰিব বুলিও চ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰে । বিধায়ক গৰাকীৰ এনে সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্তৃপক্ষ । এডিপি কলেজৰ অধ্যক্ষ ড৹ সুৰজিৎ ভাগৱতীয়ে ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম থকাৰ পিছত একমাত্ৰ AIUDF ৰ বিধায়কগৰাকীৰ জীয়ৰীয়ে ইছলাম ধৰ্মৰ বিশেষ সাজ পৰিধান কৰি অহাৰ বুলি মন্তব্য কৰে । এইক্ষেত্ৰত সকলো ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ইউনিফৰ্ম পৰিধান কৰিবলৈ জাৰি কৰা নিৰ্দেশনাৰ পিছতে বিধায়ক আমিনুলে দিয়া এই প’ষ্টত আশ্বৰ্য প্ৰকাশ কৰিছে মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু ছাত্ৰীয়ে ।

নগাঁওৰ পৰা আদিল শ্বাহ গুৱাহাটী টাইমচ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com