নগাঁৱৰ নেহৰুবালিত উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা

উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত অনুষ্ঠিত ষষ্ঠ সংখ্যক উত্তৰ-পূৱ শিশু গ্ৰন্থমেলাৰ আজি চতুৰ্থ দিনৰ পূৱা অসংখ্য শিশুৰ কলৰবত মুখৰিত হৈ পৰে। শিশুসকলৰ ৰং আৰু ধেমালি শীৰ্ষক কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে পেৰিছ নিবাসী তথা নগাঁৱৰ সু-সন্তান,শংকৰী চিত্ৰ শিল্পৰ গৱেষক সমীৰণ বৰুৱাই। এই অনুষ্ঠানত শিশুসকলৰ মাজত ৰংসনা, চিত্ৰাংকন, সাধু কোৱা, ৰচনা প্ৰতিযোগিতাত বহু সংখ্যক ছাত্ৰ-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰে। গ্ৰন্থ মেলাৰ মুলমণ্ডপতে অনুষ্ঠিত শিশু সাহিত্যিকৰ সন্মিলনত শিশু সাহিত্যিক নুপূৰ মোমাইদেউ, কাৰুণ্য ভট্টাচাৰ্য, দিলীপ কুমাৰ বৰুৱা, দ্বিজেন্দ্ৰ মোহন শইকীয়াকে ধৰি বিশিষ্ট শিশু সাহিত্যিকসকল উপস্থিত থাকে। বিয়লি ৩ বজাত সুৰৰ পানচৈ শিল্পী সমাজৰ কাব্য-গীতৰ অনুষ্ঠান আৰু সন্ধিয়া ৬ বজাত নৱৰূপ জাতীয় বিদ্যাপীঠৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। উল্লেখযোগ্য যে- অহা ৭ নবেম্বৰত সামৰণি পৰিব।

নগাঁওৰ পৰা আদিল শ্বাহ

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com