নগাওঁ জিলাৰ পশ্চিমাঞ্চলত দ্ৰুত গতিত বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা ।

ৰাতি কোনো নথকাৰ সুজোগত ধৰ্ষণ মহিলাক ।

সম্প্ৰতি নগাওঁ জিলাৰ বিভিন্ন অঞ্চলত দ্ৰুত গতিত বৃদ্ধি পাইছে ধৰ্ষণৰ ধৰে জঘন্য ঘটনা । প্ৰতিদিনে গোচৰ ৰুজু হৈছে বিভিন্ন আৰক্ষী থানাত । তথাপিতো ৰুধ হোৱা নাই এনে জঘন্য ঘটনা । শেহতীয়া কৈ ধিঙৰ কান্ধুলিমাৰীত সংঘটিত হৈছে আন এক ধৰ্ষণ কাণ্ডৰ ঘটনা । ঘৰত কোনো নথকাৰ সুজোগত তছলিমা খাতুন নামৰ মহিলা গৰাকীক ওচৰৰে কুদ্দত আলী নামৰ লম্পট টোৱে বলপূর্বক ভাবে ঘৰত প্রৱেশ কৰি ধৰ্ষণ কৰে । তাৰ কিছু সময়ৰ পাছত মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত চুবুৰীয়াৰ লোকসকল উপস্থিত হয় যদিও লম্পট কুদ্দত আলী পলাই যাবলৈ সক্ষম হয় । এই সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানেও আৰক্ষীয়ে লম্পট কুদ্দতক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

নগাঁওৰ পৰা আদিল শ্বাহ গুৱাহাটী টাইমচ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com