নদুৱাৰ জাতীয় বিদ্যালয়ৰ দ্বাদশ বাৰ্ষিক অধিৱেশন সম্পন্ন ৷

নদুৱাৰ জাতীয় বিদ্যালয়ৰ দ্বাদশ বাৰ্ষিক অধিৱেশন সম্পন্ন ৷

জামুগুৰিহাটস্থ নদুৱাৰ জাতীয় বিদ্যালয়ৰ আজি দিনযোৰা কাৰ্যসূচীৰে দ্বাদশ বাৰ্ষিক অধিৱেশন ও বঁটা বিতৰণী সভা অনুষ্ঠিত হৈ যায় ৷ এই উদ্দেশ্যে পুৱা জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সহযোগত শিক্ষাগুৰু আৰু অভিভাৱক সকলে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰে ।সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফুল্ল হাজৰিকাই ৷ দিনৰ ১১ বজাৰ পৰা আৰম্ভ হয় মূল সভা । মূল সভাত সভাপতিত্ব কৰে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জৰ্নাদন ভূঞাই ৷ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদেশ্যি সাৰমৰ্ম বক্তৱ্য আগবঢ়ায় গহপুৰ ডুবিয়াৰ যুৱ বক্তা মানস মৌচম গগৈয়ে । বাৰ্ষিক অধিৱেশনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা প্ৰতিটো অনুষ্ঠানেই ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com