পোন্ধৰ দিনে স্তব্ধ চিৰাঙৰ পৰিবহণ কাৰ্য্যালয়ৰ কাম-কাজ

পোন্ধৰ দিনে স্তব্ধ চিৰাঙৰ পৰিবহণ কাৰ্য্যালয়ৰ কাম-কাজ

 

নিতৌ শ শ লোকৰ সমাগম হৈছে চিৰাং জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ত। বহুতৰে উকলি গৈছে ড্ৰাইভিং লাইচেন্সৰ সময়সীমা, গাড়ীৰ পাৰ্মিটৰ ম্যাদ। কিন্তু হোৱা নাই একো গুৰুত্বপূৰ্ণ কাম।

 

কাৰণ বিগত ১৩ দিনে লিংক নাই চিৰাং জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ত। যোৱা ২০ জুনৰ পৰা চিৰাং জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ত লিংক নথকাৰ বাবে কোনো ধৰণৰ কাজ-কাজ কৰিব পৰা নাই কাৰ্য্যালয়টোত । 

 

জিলা পৰিবহন বিষয়া ধ্বজেন বসুমতাৰীয়ে উল্লেখ কৰা অনুসৰি বিভাগীয় ভাৱে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও বৰ্তমানলৈকে লাভ কৰা নাই কোনো সুফল।কিমান দিন পাছত লিংক ঠিক হ’ব তাৰো নাই কোনো নিশ্চয়তা। 

 

ড্ৰাইভাৰৰ চাকৰি কৰা বহুলোকে ড্ৰাইভিং লাইচেঞ্চৰ বৈধতা নথকা বাবে যোগদান কৰিব পৰা নাই চাকৰিত। লগতে জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়েও লিংক নথকা বাবে গ্ৰহণ কৰিব পৰা নাই কোনো ব্যৱস্থা। যিটো সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘মেক ইন ইণ্ডিয়া’ আঁচনিৰে সমগ্ৰ ভাৰতক ডিজিটেলাইজ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে তেনে এক সময়তেই মাহটোৰ আধা দিন চৰকাৰী কাৰ্যালয়ত লিংক নথকাটো দুৰ্ভাগ্যজনক।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com