বটদ্ৰৱাত স্কুটি চলাই পঞ্চায়তে পঞ্চায়তে আঙুৰলতা – ১১ টাকৈ গুৰুত্বপূৰ্ণ পথৰ অাধাৰশিলা স্থাপন

সমাগত পঞ্চায়ত নিৰ্বাচন। তৎপৰ হৈ পৰিছে সকলো সমষ্টিৰ বিধায়কৰ লগতে নেতা কৰ্মী সকল।এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই বটদ্ৰৱা সমষ্টিৰ বিধায়িকা অাঙুৰলতা ডেকাও। ভিন্ন সময়ত ভিন্ন ভূমিকাত অৱতীৰ্ণ হৈ সমষ্টিবাসীৰ দৃষ্টি আকৰ্ষণ কৰি অহা আঙুৰলতা ক এইবাৰ দেখা গ’ল এক অভিনৱ ৰূপত। বটদ্ৰৱাত আজি ১১ টাকৈ গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰিলে আঙুৰলতাই। পিছে কোনো বিলাসী বাহনেৰে চফৰ কৰি নহয়,দলীয় নেতা কৰ্মীৰ সৈতে প্ৰায় ৭০ কি.মি. পথ স্কুটি চলাই গৈ উন্নয়নমূলক কামসমূহৰ শুভাৰম্ভণি কৰি পুনৰ আঙুৰলতাই দৃষ্টি কাঢ়িলে সকলোৰে।প্ৰায় ১৭ কোটী ১৭ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মান হব লগীয়া পথ সমুহৰ অাধাৰশিলা স্থাপন কৰি সমষ্টিৰ ৰাইজৰ অাগত কয় যে “বিজেপিয়ে ধ্বংস কৰিব অহা নাই,নিৰ্মান কৰিব হে অাহিছে”। এচ অ’ পি ডি অাৰু প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত নিৰ্মাণ হ’ব লগা পথকেইটাৰ নিৰ্মাণকাৰ্য VI শুভাৰম্ভণি অনুষ্ঠানত নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ বিষয়ববীয়া, কেইবা শতাধিক ৰাইজ উপস্থিত আছিল।
জুৰীয়াৰ পৰা পদুম ভূঞা |

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com