বঢ়মপুৰ সমষ্টিৰ বিধ্বস্ত দলঙে এতিয়া জলাকলা খুৱাইছে ৰাইজক। বিভিন্ন সময়ত ৰাজনৈতিক নেতা সকল উপস্থিত হৈ প্ৰতিশ্ৰুতি দিয়ে বঢ়মপুৰৰ পৰা কন্দলীকে আদি কৰি প্ৰায় 20/30 খন গাঁও সংযোগ কৰা কাঠৰ দলং পকীকৰণ কৰাৰ।

বঢ়মপুৰ সমষ্টিৰ বিধ্বস্ত দলঙে এতিয়া জলাকলা খুৱাইছে ৰাইজক। বিভিন্ন সময়ত ৰাজনৈতিক নেতা সকল উপস্থিত হৈ প্ৰতিশ্ৰুতি দিয়ে বঢ়মপুৰৰ পৰা কন্দলীকে আদি কৰি প্ৰায় 20/30 খন গাঁও সংযোগ কৰা কাঠৰ দলং পকীকৰণ কৰাৰ। কিন্তু আজি পৰ্য্যন্ত সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ ৰ’ল। এতিয়া বঢ়মপূৰৰ পৰা বামুনী হৈ কন্দলীলৈ যোৱা এই দলং খন হৈ পৰিছে এক প্ৰকাৰ মৰনফান্দ। দলং খনেদি পাৰ হব নোৱাৰে কোনো ধৰণৰ গধূৰ যানবাহান। অহাযোৱা কৰিব নোৱাৰে 108 টো। অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষইও দলঙ খনৰ বাবে বহু আবেদন জনায় আহিছে যদিও কোনো সুদোত্তৰ পোৱা নাই চৰকাৰী পক্ষৰ পৰা। উল্লেখ যে দলংটো ধলং পলং য়েই তাতে আকৌ দলংৰ দুইপাৰে প্ৰায় 10 ফুট গভীৰতাৰ দুটা প্ৰকাণ্ড খাল। যাৰ ফল স্বৰুপে এতিয়া পথছোৱাৰে যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ উপক্ৰম হৈছে।উক্ত অঞ্চলত এই দলং খনক লৈ এতিয়া সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । একাংশৰ লোকৰ মতে দলঙ খনেৰে যাতায়ত অব্যাহত থাকিব লাগে আনহাতে একাংশৰ মতে কোনো অনাকাঙ্ক্ষিত বিপদৰ প্ৰতি লক্ষ্য ৰাখি দলং খনেৰে যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ কৰিব লাগে। তদুপৰি কেইবাখনো স্কুল আৰু চিকিৎসালয়লৈ যোৱাৰ একমাত্ৰ সংযোগী দলং হল এইখনেই। এই দলঙৰ ওপৰেৰে বিপদসংকুল যাত্ৰা কৰিব লগা হৈছে ছাত্ৰ ছাত্ৰী তথা ৰোগীয়া লোক সকলে।

নগাঁওৰ পৰা আদিল শ্বাহ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com