বিগ ব্ৰেকিং নিউজ

বিগ ব্ৰেকিং নিউজ

পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে কোঙা কৰি পেলাইছে সবৰ্সাধাৰণ জনতাক। গুৱাহাটী মহানগৰীত পৰিছে ইয়াৰ পূৰ্ণ প্ৰভাৱ। পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বাবে মহানগৰীত কমিছে চিটি বাছৰ সঘন চলাচল। ফলত জীয়াতু ভুগিব লগা হৈছে মহানাগৰিকে। যাৰ ফলত অাজি মহানগৰীৰ মাজমজিয়াতে চিটি বাছত দেখা গল সাধাৰণতে দেখা নোপোৱা এটি দুৰ্লভ দৃশ্য। এইবোৰ দৃশ্য দেখিও চকু মুদা কুলিৰ ভাও ধৰিছে আৰক্ষী প্ৰশাসন তথা ৰাজ্য চৰকাৰে। এনেধৰণৰ দৃশ্য তথা মহানাগৰিকৰ জীয়াতু জীয়া ছবিৰ প্ৰকৃত কাৰণ কি এইয়া বুজিবলৈ চেষ্টা কৰিব নে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে? পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধি কমাবলৈ সক্ষম হব নে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ? কিহৰ বাবে বি জে পি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতিদিনে সবৰ্সাধাৰণ জনতাক ভোগাই আহিছে যমৰ যাতনা? কিয় বি জে পি চৰকাৰকে পাহৰি গল নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতি?

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com