বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সঞ্চালকক।

For HD video click : https://youtu.be/QOB9XNBBeC4

যোৱাকালি উত্তৰ গুৱাহাটীত সংঘটিত নাওঁ দুৰ্ঘটনাক লৈ আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সঞ্চালকক। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মহানগৰ শাখাৰ সভাপতি মৃন্ময় বৰুৱাই গুৱাহাটী টাইমছক জানিবলৈ দিয়া মতে তেওঁলোকৰ দাৱীসমূহ হল – – – –
১. যোৱাকালি হৈ যোৱা নাঁও দুৰ্ঘটনাৰ তদন্ত এসপ্তাহৰ ভিতৰত সমাপ্ত কৰা অাৰু তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰা।
২. নিবিদা সমূহৰ সঠিক ৰূপায়ণ।
৩. ভুটভূটি সমূহ বন্ধ কৰি অত্যাধুনিক ফেৰীসেৱা ব্যৱস্থা কৰা।
৪. মৃতকৰ পৰিয়াললৈ ক্ষতিপূৰণ প্ৰদান কৰা।
৫. মৃতকৰ পৰিয়ালৰ লগতে সিদিনা একেখন নাওঁতে যাত্ৰা কৰা সকলোকে ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা কৰা।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমছ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com