ব্যক্তিগত আখেজৰ বাবে কৃষকক মাধমাৰ

নগাঁও শিয়ালমাৰি কুমাৰটোপৰ কৃষক মচমট আলীৰ নিজাকৈ খেতি মাটি নথকাৰ বাবে চিনাকি ঘন বৰাৰ পৰা বছৰি ৮ হাজাৰ চুক্তিৰ বিনিময়ত খেতিৰ বাৱে মাটি লয়৷ এনেকৈ প্ৰায় ২ বছৰ চলাৰ পাছত দুয়োৰে মাজত মনোমালিন্য ঘটে আৰু মাটিৰ মালিক ঘন বৰাই মাটিখিনি ঘূৰাই বিছাৰিছিল৷ কৃষক জনে বহু কষ্টেৰে চাহ কৰা মাটিখিনি এৰি দিবলৈ অমান্তি হোৱাত দুয়োৰে মাজত বাকযুদ্ধ হয়৷ এই বাকযুদ্ধ ক্ৰমান্বয়ে সদৰ আৰক্ষী চকী পাই৷ তাতোকৈ ডাঙৰ বিষয়টো হল এই বাকযুদ্ধৰ সূবিধা লৈ কোনো দুস্কৃতিকাৰীয়ে খেতি পথাৰৰ গছ কাটি তহিলং কৰে৷ কৃষক আৰু স্থানীয় লোকে এই দুস্কাৰ্য ঘন বৰাই কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে৷ ইফালে কেৱল খেতিৰেই জীৱিকা চলাই অহা কৃষকজনে খেতি নষ্ট হোৱাৰ বাবে মুৰে কপালে হাত দিব লগা হৈছে৷

Adil Shah report, Nagaon.

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com