মহানগৰীৰ ৰাজপথত পত্নী হত্যাৰ অপচেষ্টা

মহানগৰীৰ ৰাজপথত পত্নী হত্যাৰ অপচেষ্টা

 

মহানগৰীৰ কামাখ্যা মন্দিৰৰ সমীপত সংঘটিত হ’ল মহিলা নিৰ্যাতনৰ ঘটনা। স্বামীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ পত্নীৰ। দীৰ্ঘদিন ধৰি শাৰীৰিক নিৰ্যাতন চলাই অহাৰ পাছত মহিলাগৰাকীয়ে স্বামীৰ বিৰুদ্ধে আদালতত গোচৰ তোৰে। কিন্তু আদালতত দিয়া গোচৰৰ মীমাংসা কৰাৰ উদ্দেশ্যে নলবাৰীৰ পৰা মিছা প্ৰলোভনেৰে পত্নীক মাতি আনি স্বামী চহিদুল ইছলামে মংগলবাৰে সন্ধিয়া নিৰ্মম প্ৰহাৰ কৰাৰ লগতে মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে।

 

স্বামীৰ চহিদুল ইছলামৰ লগতে ভগ্নী ইলিজা বেগম আৰু ইব্ৰাহিম আলী নামৰ আন এজন যুৱকেও মহিলাগৰাকীক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে। অভিযোগ অনুসৰি তিনিওজনে মিলি উপৰ্যপৰি আক্ৰমণ কৰে অসহায় মহিলাগৰাকীক। ঘটনা সন্দৰ্ভত পিচত জালুকবাৰী আৰক্ষীক জনোৱাত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে। ইতিমধ্যে মহিলাগৰাকীয়ে জালুকবাৰী আৰক্ষী থানাত অভিযুক্ত চহিদুল ইছলামৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com