লখিমপুৰ লোক সভা সমষ্টিৰ পৃষ্ঠা প্ৰমুখ নিযুক্তিৰ সামৰণিৰে সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ শুভাৰম্ভণি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ…

লখিমপুৰ লোক সভা সমষ্টিৰ পৃষ্ঠা প্ৰমুখ নিযুক্তিৰ সামৰণিৰে সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ শুভাৰম্ভণি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ…

ভাৰতীয় জনতা পাৰ্টিয়ে আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা গ্ৰহণ কৰি আজি লখিমপুৰ লোকসভা সমষ্টিৰ পৃষ্ঠা প্ৰমুখ নিযুক্তি প্ৰক্ৰিয়াৰ সামৰণি মাৰে । কাৰ্যত: ৰাজ্যখনৰ আসন্ন পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ শুভাৰম্ভণি কৰি আজি ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই আজি সংশ্লিষ্ট লোকসভা সমষ্টিটোৰ চাবুৱা, ডুমডুমা আৰু শদিয়া বিধান সমষ্টিৰ পৃষ্ঠা প্ৰমুখ সকলক নিযুক্তি প্ৰদান কৰে । যোৱা ২৫ তাৰিখৰ পৰা আজি পৰ্যন্ত প্ৰায় ত্ৰিশ হাজাৰোধিক পৃষ্ঠা প্ৰমুখ নিযুক্তিৰে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধান সভা সমষ্টিত নিৰ্বাচনী অভিযানৰ শুভাৰম্ভণি কৰাৰ পাছত মাননীয় সভাপতি গৰাকীয়ে কাইলৈৰ পৰা ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৃষ্ঠা প্ৰমুখ নিযুক্তি প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰিব মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত । আজি পৰ্যন্ত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা সমূহত সমষ্টিটোৰ মাননীয় সাংসদ শ্ৰীযূ প্ৰদান বৰুৱা দেৱ, মাননীয় মন্ত্ৰী নৱ কুমাৰ দলে ডাঙৰীয়া, সংশ্লিষ্ট বিধানসভা সমষ্টি সমূহৰ মাননীয় বিধায়ক সকলৰ লগতে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশ তথা জিলাৰ মাননীয় বিষয়ববীয়া সকলেও অংশ গ্ৰহণ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com