শুৱালকুছিৰ শিক্ষাৰ্থীৰ চলচিত্ৰ প্ৰীতি

মহানগৰীৰ চলচিত্ৰ প্ৰেক্ষাগৃহত এজাক ছাত্ৰ ছাত্ৰী। হাতত বেনাৰ লৈ শুভেচ্ছা যাচিলে এগৰাকী অসমীয়া নাৰীক। সৰ্বত্ৰে এটাই নাম “ভিলেজ ৰকষ্টাৰচ”। প্ৰতিটো চলচ্চিত্ৰ গৃহতেই হাউচফুল অস্কাৰৰ বাবে মনোনীত অসমীয়া ছবি “ভিলেজ ৰকষ্টাৰচ”।ছয়গাওৰ পৰা অস্কাৰলৈ ৰীমা দাস। শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ৮০ গৰাকী ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক অধ্যপিকাই মহানগৰীৰ পল্টনবজাৰ গল্ড চিনেমা হলত উপভোগ কৰিলে ছবিখন। ছবিখন উপভোগ কৰিয়েই ছাত্ৰ ছাত্ৰী সকলে ৰীমা দাসৰ লগতে প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰীৰ ভূয়সী প্ৰসংশা কৰে।

শুৱালকুছিৰ পৰা ৰূপক বৈশ্যৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com