হিজবুল মুজাহিদিনৰ ৮ সদস্যক নগাঁৱৰ বিশেষ কাৰাগাৰৰ পৰা গুৱাহাটীৰ “নিয়া” ৰ আদালতলৈ স্হানান্তৰ ।

হিজবুল মুজাহিদিনৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা হোজাইৰ ৮ গৰাকীকৈ ব্যক্তিক বৃহস্পতিবাৰে নগাঁৱৰ বিশেষ কাৰাগাৰৰ পৰা গুৱাহাটীৰ *নিয়া* ৰ আদালতলৈ স্হানান্তৰ কৰা হয় । যমুনামুখ আৰক্ষী থানাত ৰুজু হোৱা ১২৪/১৮ নম্বৰৰ গোচৰৰ ভিত্তিত অসম আৰক্ষীয়ে তদন্ত চলাই অহাৰ পিছত শেহতীয়াকৈ ৰাজ্য চৰকাৰে গোচৰটো নিয়ালৈ হস্তান্তৰ কৰে । ইয়াৰ ভিত্তিতে নিয়াৰ এটি দলে বৃহস্পতিবাৰে নগাঁৱৰ বিশেষ কাৰাগাৰৰ পৰা শ্বেহনাৱাজ আলম , ছাইদুল আলম , ওমৰ ফাৰুক , ৰিয়াজউদ্দিন , জয়নাল আহমেদ , বাহাৰুল ইছলাম , ছাইফুল ইছলাম আৰু অভিমন্যু চৌহানক গুৱাহাটীলৈ লৈ যায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com