১৫ নং ৰাষ্ট্রীয় ঘাই পথ পুনৰ নিৰ্মানৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ।

১৫ নং ৰাষ্ট্রীয় ঘাই পথ পুনৰ নিৰ্মানৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ।

ৰাজ্য খনত বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোনোৱালৰ পৰিৱৰ্তনকামী চৰকাৰ চলি থকাৰ সময়তেই চৰকাৰী একাংশ বিষয়া/কৰ্মচাৰীৰ জ্ঞাতসাৰেই দৰঙৰ মাজেদি উত্তৰ পুৰ্বাঞ্চললৈ যোৱা একমাত্র ১৫ নং ৰাষ্ট্রীয় ঘাই পথটোত পুনৰ নিৰ্মানৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু জাতীয় পৰিষদ আৰু ইত্তেহাদ ফ্রন্ট অসমৰ |ৰাষ্ট্রীয় ঘাই পথটোৰ ব্যাপক দুৰ্নীতি সংঘটিত হোৱা অভিযোগ তুলি আজি দিনৰ ১১ বজাত দৰং জিলাৰ ধুলা থানাৰ ফকিৰ পাৰা চ’ক বজাৰৰ সন্মুখত ১৫ নং ৰাষ্ট্রীয় ঘাই পথত উক্ত সংগঠন দুটাৰ উদ্দোগত প্রায় অৰ্ধশতাধিক লোকৰ উপস্থিতিত গড়কাপ্তানি বিভাগৰ মন্ত্রী ডঃহিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,অসম চৰকাৰ হায়,হায়, ১৫নং ৰাষ্ট্রীয় ঘাই পথৰ পুনৰ নিৰ্মানৰ দুৰ্নীতি বন্ধ কৰক,আমাৰ দাবী ন্যায্য দাবী ,ঠিকাদাৰক গ্রেপ্তাৰ কৰক,আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্রতিবাদকাৰী সকলে | অসম সংখ্যালঘু জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি নুৰুল হক তালুকদাৰ,সাধাৰন সম্পাদক মফিদুল ইছলামৰ লগতে ইত্তেহাদ ফ্রন্ট অসমৰ সাধাৰন সম্পাদক নুৰ ইছলামে প্রতিবাদস্থলীত ভাষন প্রসংগত কয় যে ১৫ নং ৰাষ্ট্রীয় ঘাই পথত পুনৰ নিৰ্মানৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে সেয়েহে অতিশীঘ্রে ৰাষ্ট্রীয় ঘাই পথটোত চলি থকা নিৰ্মানৰ কামটোৰ ওপৰত এক উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে দুৰ্নীতি সংঘটিত কৰা ঠিকাদাৰ, বিষয়া/কৰ্মচাৰীৰ ওপৰত বিহীত ব্যৱস্থা গ্রহন কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই সংগঠন দুটাৰ যুটীয়া স্বাক্ষৰিত এক অভিযোগ পত্র দৰং জিলাৰ উপায়ুক্তৰ ওচৰত দাখিল কৰে |জিলা উপায়ুক্তই যদি কোনো ধৰনৰ বিহীত ব্যৱস্থা গ্রহন নকৰে তেন্তে পৰৱৰ্তী সময়ত এক ভয়াবহ আন্দোলন গঢি তুলিব বুলি সংগঠন দুটাৰ নেতৃবৃন্দই হুংকাৰ দিয়ে। ||

মঙলদৈৰ পৰা অৰুণাভ শৰ্মা, গুৱাহাটী টাইমচ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com