গুৱাহাটীস্হিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্য্যলয়ত দেওবাৰে লোকসভা নিৰ্বাচন সন্দৰ্ভত দলৰ সাংগঠনিক স্হিতিৰ লগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিগত বৰ্ষ সমূহত সমূহত গ্ৰহন কৰা বিভিন্ন জনকল্যাণমূলক আঁচনি সমূহৰ সফল ৰূপায়ণৰ সন্দৰ্ভত আলোচনাৰ উদ্দেশ্য এক বৈঠক অনুস্ঠিত কৰা হয় ।উল্লেখ যে ,ৰাজ্যিক বিজেপিৰ  সভাপতি শ্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ সভাপতিত্বত অনুস্ঠিত হোৱা বৈধক খনত ৰাজ্যৰ মুখ্যমন্ত্ৰী  মাননীয় সৰ্বানন্দ সোনোৱালৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সাধৰণ সম্পাদক শ্ৰীঅৰুণ সিংহ ডাঙৰীয়াৰ তত্ববধানত বিজেপিৰ বুথ সমিতি সমূহৰ সক্ৰিয়তা বৃদ্ধিৰ উদ্দেশ্য ২৩ টা কাৰ্যসূচী প্ৰতিটো বুথতে ৰুপায়নৰ বাবে সময় সীমা বান্ধি দি তত্বাবধায়ক সকলক নিজৰ নিজৰ দায়িত্ব কাৰ্যকৰী কৰিবলৈ সিন্ধান্ত লয়।প্ৰতিটো বুথতে পৃস্ঠা প্ৰমুখ নিযুক্তি আগস্ট মাহৰ ভিতৰত সম্পুৰ্ণ কৰাৰ লগতে চৰকাৰৰ বিভিন্ন আচনিৰ পৰা লাভাম্বিত হোৱা হিতাধীকাৰিৰ লগত সম্পৰ্ক গঢ়ি তুলিবলৈ কাৰ্যসূচী গ্ৰহন কৰা হয় বুলি জানিব দিয়ে ।৩৮ খন সাংগঠনিক জিলাৰ প্ৰভাৰী-সহ প্ৰভাৰী সকলক নিজৰ জিলাক মাহটোৰ কমেও ১০দিন সময় সংগধনৰ কামত নিয়োজিত হোৱাৰ বাবে আজিৰ বৈধকত সিন্ধান্ত গ্ৰহণ কৰে বুলি প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰে।

 

A Hirak Sarma Report.

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com