Baksa :

Baksa: বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত অময়াপুৰ-পশ্চিম কালাকুছিৰ গাওঁৰ  খেতিয়কে খেতি-পথাৰত পনী যোগান আঁচনিৰ পৰা আজিও বাঞ্ছিত । উল্লেখযোগ্য যে ১৯৮০ চনত স্থাপন কৰা জলসিঞ্চন  আঁচনি খন জহি খহি বিধ্বস্ত হৈ পাৰ পাছত কংগ্ৰেছ চৰকাৰ দিনত ২০১০ চনত ২ কোটি টকা ব্যয় সাপেক্ষে জলসিঞ্চন  আঁচনি খন পুন নিৰ্মাণ  কৰাৰ বাবে ধাৰ্য্য কৰা হয় কিন্ত অতি নিম্ন মানৰ কাম কৰাৰ বাবে জলসিঞ্চন  আঁচনি খনৰ পৰা কৃষক ৰাইজে খেতি পথাৰত পানী যোগান ধৰিবলৈ আজিও সক্ষম হোৱা নাই।   বিভিন্ন সময়ত বহু বাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা  হোৱা নাই বুলি উল্লেখ কৰে খেতিয়ক ৰাইজে। জলসিঞ্চন আঁচনি খনন লৈ তিনিগৰাকী কৰ্মচাৰী নিওগ কৰা হৈছিল যদিও কৰ্মচাৰী সকলে মাহত এদিন আহি তেওঁলোকৰ মাহটোৰ স্বাক্ষৰ সমূহ কৰিব’লৈ  আহে বুলি  অভিযোগ কৰে স্থানীয়  ৰাইজে। বিভিন্ন সময়ত বিজেপি নেতৃত্বধীন চৰকাৰ খনে খেতিয়ক সকলক উপকৃত কৰিব’লৈ  বহু আঁচনি হাত হোৱা হৈছে যদিও এনে বোৰ আঁচনি  আকৌ  ফুটকাৰ ফেনত পৰিনত হৈছে। অময়াপুৰ-পশ্চিম কালাকুছি গাওঁৰ  খেতিয়ক ৰাইজে নতুনকৈ হোৱা কৃষি মন্ত্ৰী গৰাকীক     আঁচনি খন পুণনিৰ্মাণ আৰু কৰ্মচাৰী সকলক নিয়মিত কৰি  খেতি-পথাৰত পানী যোগান ধৰিবলৈ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com