Heavy Rainfall Till Next Few Days

বৰষুণে পুনৰ ভয়াৱহ কৰি তুলিব ৰাজ্যৰ বান পৰিস্থিতি

বছৰৰ প্ৰথমটো বানত ককবকাইছে সমগ্ৰ ৰাজ্য। চৌদিশে কেবল পানী আৰু পানী। তেনে সময়তে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অনাগত কেইবাদিনো হ’ব ধাৰাষাৰ বৰষুণ।

ৰাজ্যৰ সৰ্বত্ৰ সৃষ্টি হোৱা ভয়াৱহ বানৰ পৰা সামাণ্য পৰিত্ৰান পাইছে ৰাইজে। এতিয়াও বানত বিধ্বস্ত হৈ বানাক্ৰান্ত সকলে আশ্ৰয় লৈ আছে শিবিৰত। বানে জুৰুলা কৰি সৰ্বহাৰা হোৱা বানাক্ৰান্ত সকললৈ আকৌ আহিল এটা দুখবৰ।

বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰ তৰফৰ পৰা আহিছে বৰষুণৰ আগজাননী। আগন্তুক ২ জুলাইৰ পৰা ৬ জুলাইলৈ অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত থাকিব ধাৰাষাৰ বৰষুণ। যাৰ ফলত শংকিত হৈ পৰিছে ৰাজ্যবাসী। একেৰাহে ৫ দিন বৰষুণ অহাৰ বাবেই কালৰূপ ধাৰণ কৰিব ৰাজ্যৰ বান পৰিস্থিতিয়ে।

যদি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী সত্য প্ৰমাণিত হয় তেনেহ’লে ৰাজ্যৰ বান পৰিস্থিতিয়ে আৰু অধিক ভয়াবহ ৰূপ ধাৰণ কৰাৰ লগতে পুনৰ অনিশ্চয়তাৰ গৰাহত সোমাই পৰিব এনআৰচি চূড়ান্ত খছৰা প্ৰকাশৰ দিন।

ইতিমধ্যে বৰাক উপত্যাকাৰ বান পৰিস্থিতিৰ বাবে ৩০ জুনত প্ৰকাশ ন’হল এনআৰচিৰ চূৰান্ত খছৰা। যিহেতু উচ্চতম ন্যায়লয়ে এন আৰ চি চূৰান্ত খছৰা প্ৰকাশৰ বাবে ৩০ জুলাই নতুন দিন হিচাপে নিৰ্ধাৰণ কৰি দিছিল সোমবাৰে। এনে এক প্ৰেক্ষাপটত বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি পুনৰ বৰষুণ হ’লে ৰাজ্যৰ বান পৰিস্থিতি শোচনীয় হৈ আকৌ এবাৰ অনিশ্চিত হৈ পৰিব ৩০ জুলাইত প্ৰকাশ পাব লগা এন আৰ চিৰ চূড়ান্ত খছৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com